ৰৈ থকা ই-কে ৱাই চি আৰু এ বি পিএছ সম্পূৰ্ণ কৰাৰ বাবে বঙাইগাঁৱত ৮দিনীয়া শিবিৰ

  • ৰৈ থকা ই-কে ৱাই চি আৰু এ বি পিএছ সম্পূৰ্ণ কৰাৰ বাবে বঙাইগাঁৱত ৮দিনীয়া শিবিৰ বঙাইগাঁৱৰ যিসকল পি এম কিষাণ সম্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ ই-কে ৱাই চি ৰ জৰিয়তে আধাৰ সংযোগ হোৱা নাই আৰু আধাৰৰ জৰিয়তে প্ৰত্যক্ষভাৱে একাউন্টত আঁচনিৰ ধন সোমোৱা নাই( ABPS)সেইসকল লোকে যাতে দুয়োটা কাম সম্পন্ন কৰি আঁচনিৰ ধন লাভ কৰিব পাৰে তাৰ বাবে অহা ১২জুন,২০২৩ তাৰিখৰ পৰা ১৯জুন,২০২৩ তাৰিখলৈ ছটা শিবিৰ অনুষ্ঠিত কৰা হ'ব।মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়,কীৰ্তনপাৰা গাঁও-পঞ্চায়ত কাৰ্যালয়,টাপাট্টাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়,উত্তৰ শালমাৰা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়,বইটামাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু মূলাগাঁও গাঁও-পঞ্চায়ত কাৰ্যালয়ত ১২জুনৰ পৰা ১৯জুনলৈ ৰাতিপুৱা ১০-০০বজাৰ পৰা বিয়লি ৫-০০বজালৈ শিবিৰ অনুষ্ঠিত কৰি ই-কে ৱাই চি আপডেট আৰু আধাৰ কাৰ্ডৰ জৰিয়তে পি এম কিষাণ সম্মান আঁচনিৰ ধন হিতাধিকাৰীসকলক উপলব্ধ কৰাৰ কাম সম্পূৰ্ণ কৰা হ'ব।তাৰ বাবে হিতাধিকাৰীসকলে শিবিৰলৈ আহোঁতে নিজৰ আধাৰ কাৰ্ডখন আৰু নিজৰ মোবাইল ফোনটো লগত লৈ আহিব লাগিব। এই উদ্দেশ্য আগত ৰাখি ৭জুন,২০২৩তাৰিখে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত নবদ্বীপ পাঠকৰ সভাপতিত্বত জিলা পৰ্যায়ৰ বিষয়ববীয়াৰ উপস্থিতিত বিয়লি এখন সভা অনুষ্ঠিত কৰা হয়।ইয়াৰ বাবে জিলা পৰ্যায়ৰ দলে যাৱতীয় ব্যৱস্থা হাতত লৈছে।