বঙাইগাঁৱত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া মহোদয়

  • বঙাইগাঁৱত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া মহোদয়--- আজি বিয়লিৰ ভাগত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া মহোদয় বঙাইগাঁও জিলাত উপস্থিত হয়।জিলাখনত উন্নয়নমূলক বিভাগসমূহৰ জৰিয়তে ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ অধীনৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰ্যালোচনা কৰে ৰাজ্যপাল মহোদয়ে।উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সুৰক্ষা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ সম্পৰ্কত পৰ্যালোচনা কৰে ৰাজ্যপাল মহোদয়ে।কৃষি বিভাগৰ প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এম জি এনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযান,শিক্ষা বিভাগৰ আৰোহন আৰু ঝান্সী ৰাণী লক্ষ্মী বাঈ(ছোৱালীৰ মাৰ্চাল কলা প্ৰশিক্ষণ),স্বাস্থ্য বিভাগৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল অভিযান,খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনি,লোক নিৰ্মাণ পথ বিভাগৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰু অসম মালা,সমাজ কল্যাণ বিভাগৰ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু পোষণ অভিযান,মীন বিভাগৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা,লীড ডিষ্ট্ৰিক্ট মেনেজাৰৰ অধীনৰ ঋণ প্ৰদান ব্যৱস্থা,অৰুণোদই,এক জিলা এক উৎপাদন(One District One Product),মিছন বসুন্ধৰা,মিছন ভূমিপুত্ৰ আদি আঁচনিসমূহ পৰ্যালোচনা কৰে ৰাজ্যপাল কাটাৰীয়া মহোদয়ে।তেওঁ কয় যে সাধাৰণ ৰাইজে ৰোজগাৰ পাব লাগে আৰু আঁচনিসমূহ সময়মতে ৰূপায়ণ কৰি দেশ তথা ৰাজ্যখনক আগুৱাই নিব লাগে। আজিৰ পৰ্যালোচনা সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত শ্ৰী নবদ্বীপ পাঠকে আদৰণি ভাষণ দিয়ে।