বঙাইগাঁও জিলা পোষণ পখোৱাৰা ২০২৩ ৰ শুভ উদ্ধোধন

  • বঙাইগাঁও জিলা পোষণ পখোৱাৰা ২০২৩ ৰ শুভ উদ্ধোধন বঙাইগাঁও জিলাত আজি ২১ মাৰ্চ ২০২৩ ইং তাৰিখে বন্তি প্ৰজ্জ্বলনেৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পোষণ পখোৱাৰা ২০২৩ ৰ আনুষ্ঠানিক শুভাৰম্ভণী কৰে জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে । ইয়াৰ লগত সংগতি ৰাখি বঙাইগাওঁ জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত পোষণ পখোৱাৰা ২০২৩ ৰ মূল বিষয় বস্তুৰ লগত সংগতি ৰাখি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ সভাপতিত্বত এখনি সজাগতা সভাৰ আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে সহকাৰী আয়ুক্ত শ্যামশ্ৰী শইকীয়া, অসম মিলেট মিছন, বঙাইগাঁও গোটৰ জিলা নডেল বিষয়া অপল দাস, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু স্বাস্থ্য বিভাগৰ জিলা পৰ্যায়ৰ বিষয়ববীয়াসকলৰ লগতে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা বিষয়া(ভাৰপ্ৰাপ্ত) ধীৰাজ তালুকদাৰ,জিলাৰ অধীনৰ প্ৰতিটো সংহত শিশু উন্নয়ন প্রকল্প বিষয়াসকল, মুখ্যসেৱীকা সকল, পোষণ অভিযানৰ বিষয়া আৰু কৰ্মচাৰী সকল,প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়ববীয়া আৰু অন্যান্য কর্মচাৰী বৃন্দ সভাত উপস্থিত থাকে।সভাৰ আৰম্ভণীতে জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে উল্লেখ কৰে যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত ভাৰত চৰকাৰে দিয়া প্ৰস্তাব গ্ৰহণ কৰি ২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্য আগত ৰাখি অসমত পোষণ পখোৱাৰা ২০২৩ উদযাপনৰ অধীনত মিলেটৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে ।জিলা সমাজ কল্যাণ বিষয়া (ভাৰপ্ৰাপ্ত)ধীৰাজ তালুকদাৰে উল্লেখ কৰে যে ২০ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলা ,খণ্ড আৰু অংগনবাড়ী কেন্দ্ৰ পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে মহিলা আৰু শিশু উন্নয়ন বিভাগে এইবছৰ পোষণ পখোৱাৰা ২০২৩ উদযাপন কৰিব ওলাইছে। ইয়াৰ মূল বিষয়বস্তু হিচাপে পৰিপুষ্টিগত সুস্থতাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে শ্ৰী অন্ন (মিলেট)ৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ , সুস্থ শিশুৰ প্ৰতিযোগিতা আৰু সক্ষম অংগণবাড়ী কেন্দ্ৰৰ জনপ্ৰিয়কৰণ এই তিনিটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ।অসম মিলেট মিছনৰ বঙাইগাঁও জিলাৰ নডেল বিষয়া অপল দাসে শ্ৰী অন্ন (মিলেট)ৰ প্ৰকাৰ,গুণাগুণ, দৈনন্দিন আহাৰৰ তালিকাত মিলেটৰ অন্তৰ্ভুক্তি, পুষ্টিগত তুলনা আৰু বিভিন্ন ৰন্ধন প্ৰকৰণ তৈয়াৰীৰ সন্দৰ্ভত এক বিস্তৃত বৰ্ণনা প্ৰদান কৰে আৰু বঙাইগাওঁ জিলাত উৎপাদিত মৰোৱা (Finger Millet) প্ৰদৰ্শন কৰে। ইয়াৰ লগতে পোষণ অভিযানৰ জিলা সমন্বয়ক জিতেন্দ্ৰ দাসে উল্লেখ কৰে যে মিলেট বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস সেয়ে বিশেষকৈ মিলেট হৈছে প্ৰটিন, কেলচিয়াম, আইৰণ, জিংক,ভিটামিন B৬,ফলিক এচিড আদিৰ উৎকৃষ্ট উৎস আৰু আঁহ সমৃদ্ধ থাকে যি শিশুৰ স্বাস্থ্যকৰ বিকাশৰ বাবে অত্যাবশ্যকীয় পুষ্টি যোগানত সহায় কৰে। মিলেটযুক্ত খাদ্য গ্ৰহণ কৰি মহিলা আৰু শিশুসকলৰ মাজত পুষ্টিহীনতা যেনে মেদবহুলতা, ৰক্তহীনতা, হিডেন হাংগাৰ ৰ আদি ৰোগ দূৰ কৰিব পাৰি বুলি উল্লেখ কৰে। ইয়াৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ সহযোগত একেলগ হৈ পালন কৰিব লগা পোষণ পখোৱাৰা ২০২৩ ৰ এখন দৈনন্দিন ভিত্তিত প্ৰস্তুত কৰা এখন কাৰ্যসূচীৰ ওপৰতো আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা সমন্বয়ক কৌশিকা লহকৰে জনায় যে অনাগত দিনত মহিলা আৰু শিশু উন্নয়ন বিভাগে ২য় কন্যা শিশুৰ বাবে ৬০০০/- টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে জিলাখনত আজি ৰেলীৰ জৰিয়তে ডাংতল আৰু সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনত খণ্ড পৰ্যায়ত পোষণ পখোৱাৰা ২০২৩ ৰ উদ্ধোধনী কৰে।সদৌ শেষত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে সকলো বিভাগলৈ জিলাখনত পোষণ পখোৱাৰা ২০২৩ ৰ সফল ৰূপায়নৰ বাবে আহ্বান জনায় ।