বিশ্ব মেলেৰীয়া দিৱস পালন

  • আজি ২৫এপ্ৰিল তাৰিখে বঙাইগাঁও জিলাত বিশ্ব মেলেৰীয়া দিৱস পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি ৰাতিপুৱা বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখৰ পৰা এটা সজাগতা ৰেলী উলিওৱা হয়।এই সজাগতা ৰেলীৰ শুভ উদ্বোধন কৰে মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা:হৰিদাস সৰকাৰ আৰু ডা:মহিবুল ইছলামে।ইয়াত জিলা মেলেৰীয়া বিষয়া ডা:ইমদাদুল ইছলাম খান,জিলা বাহকজনিত ৰোগ পৰামৰ্শদাতা ধ্ৰুৱ চৌধুৰী,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া আৰু কৰ্মচাৰীসকল আৰু আশাকৰ্মীসকলে অংশগ্ৰহণ কৰে।জিলা সদৰৰ মুখ্য পথৰ মাজেদি এই সজাগতা ৰেলী উলিওৱা হয়। ৰেলী অন্ত পৰাৰ পিছত বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাগৃহত বিশ্ব মেলেৰীয়া দিৱসৰ লগত সংগতি ৰাখি এক সজাগতা সভাৰো আয়োজন কৰা হয়।জিলাখনৰ স্বাস্থ্যকৰ্মীৰ লগতে স্থানীয় সাধাৰণ ৰাইজো এই সভাত উপস্থিত থাকে। উল্লেখ থাকে যে জিলাখনৰ চাৰিওটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতে বিশ্ব মেলেৰীয়া দিৱস পালন কৰা হয়। জিলাখনৰ বিভিন্ন স্থানত আজিৰ দিনটোত আঁঠুৱা ঔষধিকৰণ শিবিৰ,পুস্তিকা বিতৰণ,মহৰ উৎপত্তি স্থান ধ্বংস কাৰ্যসূচীৰ লগতে সজাগতা সভাৰ আয়োজন কৰা হয়। For more details