Poshan Month Started in Bongaigaon District

  • বঙাইগাঁৱত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভণি উপায়ুক্তৰ বঙাইগাঁও,৩ছেপ্টেম্বৰ: বঙাইগাঁও জিলাত আজি বন্তি প্ৰজ্জ্বলনেৰে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত নবদ্বীপ পাঠকে।এই উপলক্ষ্যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত সভাপতিত্ব কৰে উপায়ুক্ত নবদ্বীপ পাঠকে।মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত অনুষ্ঠিত এই সভাত জিলাখনত মহিলা আৰু শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰি পৰিপুষ্টিপ্ৰাপ্ত কৰিবলৈ উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগ,জনস্বাস্থ্য কাৰিকৰী,শিক্ষা,অসম গ্ৰামীণ জীৱিকা মিছন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,বন বিভাগ,পশুপালন,কৃষি আদি বিভাগৰ লগত সমন্বিতভাৱে কাম কৰিবলৈ আহ্বান জনায়।স্বাস্থ্য বিভাগৰ লগত অভিযান চলাই মহিলাৰ ৰক্তহীনতা দূৰীকৰণ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে মহিলা আৰু শিশুৰ বাবে বিশুদ্ধ পানী যোগানৰ জৰিয়তে বিভিন্ন ৰোগৰ পৰা তেওঁলোকক মুক্ত কৰা,অসম গ্ৰামীণ জীৱিকা মিছনৰ জৰিয়তে মহিলাৰ আৰ্থিক স্বাৱলম্বন নিশ্চিত কৰি নিজৰ আৰু শিশুৰ স্বাস্থ্য অটুট ৰখা,পঞ্চায়তৰ জৰিয়তে সমাজৰ মহিলা আৰু কিশোৰী তথা শিশুৰ পৰিপুষ্টি সম্পৰ্কত সজাগ কৰা,বন বিভাগৰ সহায়ত অঙ্গনৱাডী কেন্দ্ৰ চৌহদত ফল-মূলৰ বৃক্ষৰোপণ কৰা,পশুপালনৰ জৰিয়তে খাদ্যপ্ৰাণযুক্ত খাদ্য সুলভ কৰা আদি কামৰ জৰিয়তে আমি মহিলা তথা শিশুসকলক কুপুষ্টিমুক্ত কৰিব পাৰো বুলি উপায়ুক্ত শ্ৰী পাঠকে উল্লেখ কৰে। সভাৰ আৰম্ভণিতে পোষণ অভিযানৰ জিলা সমন্বয়ক জিতেন্দ্ৰ দাসে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্দেশ্য আৰু লক্ষ্য দাঙি ধৰে।তেওঁ কয় যে এই বছৰৰ পোষণ মাহৰ বিষয়বস্তু হৈছে-মহিলা সবলীকৰণ,শিক্ষিত শিশু আৰু স্বাস্থ্যৱান ভাৰত(Women Empowerment, Literate Child, Healthy India)। আজিৰ সভাৰ পূৰ্ৱে উপায়ুক্ত কাৰ্যালয় চৌহদত গাঁও এলেকাতে সহজলভ্য খাদ্যপ্ৰাণযুক্ত খাদ্যৰ প্ৰদৰ্শনী এখন মুকলি কৰে উপায়ুক্ত নবদ্বীপ পাঠকে। আজিৰ পোষণ মাহৰ শুভাৰম্ভণি সভাত অতিৰিক্ত উপায়ুক্ত জেনিফাৰ ইয়াচমিন চৌধুৰী,সহকাৰী আয়ুক্ত শ্যামাশ্ৰী শইকীয়া,মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা বিষয়া(ভাৰপ্ৰাপ্ত) ধীৰাজ তালুকদাৰ,ডাংতল শিশু উন্নয়ন প্ৰকল্প বিষয়া পূৰ্ণিমা মহন্ত, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা সমন্বয়ক কৌশিকা লহকৰ,জিলাখনৰ মুখ্য সেৱিকাসকল, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক(ভাৰপ্ৰাপ্ত)জোৎস্না ৰাণী বৰ্মণ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আই ই চি কনচালটেন্ট ভনিতা দেৱী আৰু পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰৰ স্বাস্থ্য বিষয়া উপস্থিত থাকে।